Monday 25 November 2013

আম্পু


আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ দ্বাৰা অভিনীত মন যায় চলচিত্ৰখন নিশচয় বহুতেই উপভোগ কৰিছে। সুন্দৰ কাহিনী, তাতে সোণত সুৱগা চৰোৱা জুবিনদাৰ সৱালীল অভিনয়ৰ লগতে আন বহুতো ধনাত্মক দিশ থকা চলচিত্ৰখন ৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৰ লাভ কৰিছে। সেয়াও ছাগে সকলোৰে জ্ঞাত।

অসম কৃষি বিশ্ববিদ্যালয়ৰ ২য় বৰ্ষত পঢ়োঁ তেতিয়া। হোষ্টেল নং ৭ আৰু ৮(তাজ)ৰ আৱাসী। মনযায়চলচিত্ৰখনত কিঞ্চিত প্ৰভাৱ আমাৰ হোষ্টেলতো পৰিছিল। চলচিত্ৰখন ছবিঘৰলৈ অহা দুবছৰমান হৈছিল যদিও, হোষ্টেলৰ ৰাইজৰ লেপটপবোৰত তেতিয়াহে বিয়পিছিল। প্ৰায় সকলোৰে মন ছুই গৈছিল চলচিত্ৰখনে। আনকি অনা-অসমীয়া লগৰকেইজনমানকো ইংৰাজী-হিন্দীত বুজাই বুজাই দেখুৱাবলগাত পৰিছিলোঁ।

চলচিত্ৰখনত জুবিনদাই নিজকে মাষ্টৰৰ পুতেক বুলি বৰ গৌৰৱেৰে কিছুমান সংক্লাপ ব্যৱহাৰ কৰিছিল। হোষ্টলত থকা মাষ্টৰৰ পুতেক কেইজনক বৰকৈ আপ্লুত কৰিছিল সেই সংক্লাপ বোৰে। কেইজনমানৰ আক মাষ্টৰৰ পুতেক বুলি ফিটাহি মৰাও আৰম্ভ হল। দুইপেগমান পেটত পৰিলেতো আৰু কথাই নাই। তোমাক দেখা পালে সপোন জাগি উঠে, বুকুখনি হয় তাজমহলবুলি কেইজনমানৰ টেটুফলা চিঞৰৰ প্ৰতিধ্বনিৰে গাধোৱা ঘৰবোৰৰ লগতে গোটেই হোষ্টেলৰ আকাশ বতাহ অনবৰতে ৰজনজনাই থকা হল। তাৰ ভিতৰত বাৰু মইও এজন।

তেনেকৈয়ে এদিন আমাৰ জেষ্ঠ্য কেইজনমানৰ প্ৰচেষ্টাত (ৰঙাপানীৰ প্ৰভাৱো আছে অলপমান) জন্ম হৈছিল অল আসাম মাষ্টৰৰ পুতেক ইউনিয়ন (আম্পু)ৰ। ৭ নং হোষ্টেলৰ ৪ নে ৫ নং কোঠাৰ বেৰত লিখি দিয়া হআম্পুৰ নাম। লগতে সভাপতি, সম্পাদক, সদস্য সকলোৰ নাম। মোৰ নামো অৰ্ন্তভুক্ত হল সদস্যৰ তালিকাত।
সেইবোৰ বহুদিনলৈ বেৰত  লিখা থাকিল, কিন্তু লাহে লাহে সেয়া পাহৰণিৰ গৰ্ভত বিলীন হৈ গল। হোষ্টেলটো নতুনকৈ ৰং কৰা বাবে এতিয়া আৰু সেইলিখাবোৰৰ একো চিন চাব নাই যদিও, আম্পুৰ স্মৃতি এতিয়াও নিশচয় বহুতৰে মনত বিৰাজমান।

অবশ্যে এজন শিক্ষকৰ সন্তান বুলি মই সদায়েই গৌৰৱান্বিত।

No comments:

Post a Comment