ৰাতিপুৱা ৫ বজাৰ আগতেই উঠি
মৰ্নিং পি টি লৈ যোৱাটো নৱোদয় বিদ্যালয়ৰ প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীৰ কাৰণে বৰ ডাঙৰ
সমস্যা। বিশেষকৈ জাৰৰ দিনত। ফিল্ডলৈ যোৱাৰ আগতে পি টি এচেম্বলী হয় যত হাজিৰা লোৱা
হয় হাউচ্(হোষ্টেল) বিশেষে। কিছুমানে ছেগ বুজি এচেম্বলীৰ পৰা পলায় আৰু শুই থাকেহি।
কিছুমানে আক এচেম্বলীত অনুপস্থিত থাকে। হাউচ্ কেপ্টেইনে এইক্ষেত্ৰত বহুখিনি সহায়
কৰে অনুপস্থিত জনক উপস্থিত বুলি কৈ। অৱশে সেয়া নিৰ্ভৰ কৰে মাষ্টাৰ অন ডিউটীত থকা
শিক্ষক জনৰ ওপৰত। কপাল বেয়া হলে বহুতে ধৰাও পৰে। আৰু ৭ বজাৰ মেইন এচেম্বলীৰ পাছত
প্ৰিন্সিপালৰ কক্ষত নিমন্ত্ৰণ লাভ কৰে। তেতিয়া কিবা এটা শাস্তি পোৱাটো খাটাং। ধৰা
পৰিলে অসূখৰ ভাও ধৰাটো চিৰাচৰিত। সৰু-সূৰা মূৰৰ বিষ, পেটৰ বিষ, জ্বৰ, ইত্যাদি
সকলোৰে প্ৰিয় বেমাৰ। তাৰ পাছত বিদ্যালয়ৰ নাৰ্ছ গৰাকীৰ পৰা সচাঁ-মিছা কিবা এটা কৈ
দুটামান পিল লৈ আহি দিনটোৰ কাৰণে আৰাম। বহুতে অৱশ্যে মৰ্নিং পি টি ত অনুপস্থিত
থাকিলেও বহুতে ক্লাছলৈ যাম বুলিযেই ভাৱে। কিন্তু এবাৰ অসূখ হোৱা বুলি কলে পাছলৈ আৰু
ক্লাছলৈ যোৱা নহয়গৈ। সেয়েহে গোটেই দিনটোৰ বাবে অসূখৰ ভাও ধৰি থাকিবলগীয়া হয়।
মই দশম মানলৈকে পঢ়া
গোৱালপাৰা নৱোদয়ত এজন শিক্ষক কিছু ব্যতিক্ৰমী আছিল। তেখেত ছাগে এতিযাও তাতেই আছে। নৱোদয়
বিদ্যালয়ত লগ পোৱা সকলো শিক্ষকৰ ভিতৰত আমি তেখেতক সমীহ কৰি চলিছিলোঁ। কিছুমানে হয়তো
তেখেতক বেয়াও পাইছিল। কিন্তু প্ৰায়ভাগেই তেখেতক শ্ৰদ্ধা কৰিছিল। সকলোৰে তেখেতৰ
প্ৰতি এক ভয় ভাৱ আছিল। কাৰণ বেছি বদমাচী কৰা সকলোক ধৰা পেলাবলৈ তেখেতৰ বেছি সময়
নালাগিছিল। উদাহৰণ স্বৰূপে, কোনোবাই বেমাৰ হোৱা বুলি কলে তেখেতে হাতৰ শিৰাৰ ধপধপনি
পৰীক্ষা কৰি চায়। ধৰা পৰিলেতো আৰু কথাই
নাই। অৱশ্যে মই তেখেতক কেতিয়াও বেয়া পোৱা নাছিলোঁ। আৰু তেখেতেও ছাগে মোক মৰম
কৰিছিল।
দশম মানত পঢ়োঁ তেতিয়া।
এবাৰ মইও তেনেকৈ জ্বৰ হোৱাৰ ভাও ধৰি হোষ্টলত শুই আছিলোঁ। সেই ছাৰ জন সেই সময়ত আমাৰ
হাউচ্ মাষ্টাৰৰ দায়িত্বত আছিল। লগৰ এজনে ব্ৰেকফাষ্টৰ ব্ৰেকত আহি খবৰটো দিছিল , "তোক
চেক্ কৰিবলৈ অমূক ছাৰ আহি আছে।" অত্যন্ত ভয় লাগিছিল মোৰ। কাৰণ ধৰা পৰিলে আৰু
নিস্তাৰ নাই। বহুত ভাৱি-চিন্তি শেষত বুধি এটা পাঙিলোঁ। বেৰৰ সৰু ফুটা এটাৰে
ভুমুকিয়াই চাই থাকি মই তেখেতলৈ বাট চাই ৰলোঁ। দেখিলোঁযে তেখেত আহি আছে, আৰু ২-৩
মিনিটৰ পাছত মোৰ কাষ পাবহি। মই বিছনাত বাগৰ দি যিমান সময়লৈকে পাৰি উশাহ বন্ধ কৰি
ৰাখিলোঁ, আৰু তেখেত আহি মোৰ কাষ পোৱাৰ লগে লগে আকৌ উশাহ লবলৈ আৰম্ভ কৰিলোঁ। তেখেতে
মোৰ হাতত পাল্চ(ধপধপনি) পৰীক্ষা কৰি কলে, "তোমাৰ চোন গাটো ভালেখিনিয়েই বেয়া, ভালদৰে
ৰেষ্ট কৰা।"
উশাহ অলপ সময়ৰ বাবে বন্ধ
কৰি ৰখা বাবেই যে মোৰ কলিজাৰ ধপধপনি বাঢ়ি গৈছিল সেয়া তেখেতে গমেই নেপালে। আৰু, জ্বৰ
হলে যে পাল্চ্ ৰেট বাঢ়ি যায় সেয়া মই শিকিছিলোঁ জাৱবিজ্ঞানৰ ক্লাছত।
যেনেকৈয়েই নহওক, মুঠতে মই বিজ্ঞানৰ
জ্ঞান ব্যৱহাৰ কৰি সেই সময়ত মই বাছি গলোঁ।
কিছুসময় পাছত মোৰ লগৰ এজনেও
ক্লাছৰ পৰা পলাই আহিল, আৰু মোক হোষ্টেলৰ পাছফালে বেডমিন্টন খেলিবলৈ লগ ধৰিলে। ১০
মিনিট মান খেলিছিলিলোঁহে মাত্ৰ, তেনেতে অমূক ছাৰ জন আহি ওলালহি। আমাৰ দুয়োৰে
অৱস্থা শিল পৰা কপৌ যেন হল। আমাৰ মনবোৰে যেন হাহাকাৰ কৰি উঠিল,"ফাট মেলা বসূমতী, পাতালে
লুকাওঁ!"
আচলতে মোৰ গা বেছিকৈ বেয়া বুলিহে তেখেতে মোক ডাক্টৰৰ ওচৰলৈ লৈ যাবলৈ
আহিছিল। তেখেতক ঠগিবলৈ ব্যৱহাৰ কৰা মোৰ বুধিটোৰ মহিমাযে ইমান অপাৰ হব, সেয়া মোৰ মনত নেখেলিলেই
নহয়। আৰু মোকনো বাৰু কিহে পাইছিল বেডমিন্টন খেলিবলৈ।
তাৰ পাছতনো আৰু কি! তেখেত
মোৰ ওচৰলৈ আহি, নিজৰ হাতঘড়ীটো খুলি লৈ, যিপাটহে কাণতলীয়া শোধালে, মোৰ চকুৰ আগত
অজস্ৰ সৰিয়হ ফুল ভাহি উঠা যেন লাগিল, আৰু মই ২ মিনিটতেই ক্লাছত হাজিৰ। কলিজাৰ
ধপধপনি তেতিয়াহে পৰীক্ষা কৰিব লাগিছিল।
Nice ....keep it up
ReplyDeleteOhekh dhonyobaad thakil
Deletemonot ase...
ReplyDeleteTenekua aru kisuman smriti oti shighrei asi ase ei blog tut...
Delete